ইংলেণ্ডত সমাদৃত দীপজ্যোতি-দীপাংকৰ আৰু সত্ৰীয়া নৃত্য - W7S News Hindi

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 19 March 2023

ইংলেণ্ডত সমাদৃত দীপজ্যোতি-দীপাংকৰ আৰু সত্ৰীয়া নৃত্য

 




W7s news,,,,ভাৰত চৰকাৰৰ সংগীত নাটক অকাডেমীৰ ওস্তাদ বিছমিল্লা খান যুৱ বঁটাপ্ৰাপক সত্ৰীয়া নৃত্যশিল্পীদ্বয় দীপজ্যোতি দাস আৰু দীপাংকৰ আৰান্ধৰা নিজৰ কলা প্ৰতিভাৰ বাবে সমাদৃত হৈছে ইংলেণ্ডত। প্ৰায় এমাহজোৰা কাৰ্যসূচীৰে দুয়ো ইংলেণ্ডৰ বিভিন্ন ঠাইত কৰ্মশালা আৰু অনুষ্ঠান পৰিৱেশন কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। দীপজ্যোতি-দীপাংকৰৰ ছাত্ৰী চীনু কিশোৰৰ আমন্ত্ৰণ ৰক্ষা কৰি, যোৱা ২০ ফেব্ৰুৱাৰীত বাৰ্মিংহামৰ কন্‌ছুলেট জেনেৰেল অৱ ইণ্ডিয়াত দুয়ো অনুষ্ঠান পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে। পৰৱৰ্তী সময়ত হায়েছৰ নৱনাট চেণ্টাৰত 'নৃত্য নিৰ্মালি' শীৰ্ষক দ্বিতীয়টো অনুষ্ঠান পৰিৱেশন কৰে। ২৬ ফেব্ৰুৱাৰীত এছেক্স (Essex)ত তাৰ ভাৰতীয় বাসিন্দাসকলে আয়োজন কৰা 'আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস'ৰ সৈতে সংগতি ৰাখি আয়োজিত অনুষ্ঠানত দীপজ্যোতি-দীপাংকৰে সত্ৰীয়া নৃত্যৰ কৰ্মশালাত অংশগ্ৰহণ কৰাৰ লগতে 'দশাৱতাৰ' নৃত্য‌ও পৰিৱেশন কৰে তথা সত্ৰীয়া নৃত্য বিষয়ক প্ৰদৰ্শনমূলক বক্তৃতাও প্ৰদান কৰি সকলোকে আপ্লুত কৰে। ২ মাৰ্চত লণ্ডনৰ হাই কমিছন অৱ ইণ্ডিয়াৰ নেহৰু চেণ্টাৰত অনুষ্ঠান পৰিৱেশন কৰাৰ লগতে অনুষ্ঠানত অংশগ্ৰহণ কৰা বিদেশী কলাপ্ৰেমীসকলৰ সৈতে সত্ৰীয়া নৃত্য বিষয়ক মত বিনিময় কৰে। চীনু কিশোৰ, দেৱৰচনা, পৰীণীতা, পল্লৱী, জোনমণি, মধুস্মিতা আৰু অনাহিতাই দীপজ্যোতি-দীপাংকৰৰ সৈতে নৃত্যানুষ্ঠানত অংশগ্ৰহণ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here