গুৱাহাটী, ২ জানুৱাৰী ঃ হায়দৰাবাদ আৰু মুম্বাইত ক্ৰমাগত জয় অৰ্জন কৰি ঘৰলৈ অহা নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে একাদশ ইণ্ডিয়ান ছুপাৰ লীগ [আই এছ এল]ৰ শুকুৰবাৰে গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত হ’বলগা মেচত মহমেদান এছ চিৰ বিৰুদ্ধে খেলিব৷
উল্লেখ্য যে যোৱা বছৰ কলকাতাত মহমেদানকে হৰুৱাই চলিত আই এছ এলত ছিজনৰ আৰম্ভনি কৰিছিল নৰ্থ ইষ্ট ইউনাইটেডে৷ নতুন বছৰৰ প্ৰথম মেচতো গুৱাহাটীৰ দলটোৱে একে বিপক্ষ পোৱাত কাইলৈৰ মেচত তিনি পইণ্টৰ লক্ষ্য খেলপথাৰত নামিব৷
১৩ খন খেলত ২১ পইণ্ট সংগ্ৰহ কৰি চতুৰ্থ স্থানত থকা নৰ্থ ইষ্ট ইউনাইটেডৰ অদম্য আক্ৰমণাত্মক দক্ষতাই কাইলৈৰ মেচতো মহমেদানক চাপত ৰাখিব৷ প্ৰথমবাৰৰ বাবে আই এছ এলত খেলা মহমেদান দলে ১৩ খন মেচৰ পৰা মাত্ৰ ছয় পইণ্ট সংগ্ৰহ কৰি অন্তিম স্থানত আছে৷ নখন মেচত পৰাস্ত হোৱা কলকাতাৰ ক্লাবটোৱে তিনিখন ড্ৰ কৰাৰ বিপৰীতে এখন মেচতহে জয়লাভ কৰিছে৷
লীগত দুয়োটা দলে বিপৰীতমুখী প্ৰদৰ্শন কৰিছে৷ নৰ্থ ইষ্ট ইউনাইটেডে নিজৰ আক্ৰমণৰ ৰণনীতিৰে এতিয়ালৈকে ২৭ টা সুযোগৰ ১৫ টাই গ’ল দিছে৷ সামগ্ৰিকভাৱে এই পৰ্যন্ত লীগত ঘৰুৱা দলটোৱে সৰ্বাধিক ২৯ গ’ল দিছে৷ কিন্তু মহমেদান এই দিশত সংগ্ৰাম কৰি আহিছে৷ দলে পাঁচ গ’ল দিয়াৰ বিপৰীতে বিপক্ষৰ ২২ টাকৈ গ’ল হজম কৰিছে৷
গুৱাহাটীত খেলা অন্তিম মেচখনত নৰ্থ ইষ্ট ইউনাইটেডে গল কৰাত বিফল হোৱাৰ লগতে মোহন বাগানৰ বিৰুদ্ধে পৰাস্ত হৈছিল৷ কিন্তু আক্ৰমণৰ ধাৰাবাহিকতা ৰখা দলটোৱে আলাউদ্দিন আজাৰাই, গুইলেৰ্মো ফাৰ্নাণ্ডেজ আৰু নেষ্টৰ আলবিয়াচৰ চমকৰে পুনৰ ছন্দলৈ উভতিছে৷ কাইলৈৰ মেচত সপ্তম জয়ৰে দলৰ লক্ষ্য তৃতীয় স্থানলৈ উত্তৰণ কৰা৷
‘আমি শান্ত হোৱাটো প্ৰয়োজন৷ আমাৰ চাপৰ মুহূৰ্তসমূহ চম্ভালিব পৰা, মনোনিৱেশ কৰা আৰু আমি পোৱা অভিজ্ঞতাসমূহ আমি ২০২৫ চনত একেদৰে ধৰি উন্নত কৰাটোৱে দলৰ লক্ষ্য৷’ আজি নৰ্থ ইষ্ট ইউনাইটেডৰ মুখ্য প্ৰশিক্ষক জুৱান পেড্ৰ’ বেনালিয়ে ব্যক্ত কৰে৷
ইফালে, মহমেদানৰ মুখ্য প্ৰশিক্ষক আন্দ্ৰে চেৰ্নিশ্বভে নৰ্থ ইষ্ট ইউনাইটেডে শেহতীয়াকৈ লাভ কৰা অগ্ৰগতি আৰু সফলতাৰ বাবে শলাগ লয়৷ ‘যোৱা বছৰটোত নৰ্থইষ্ট ইউনাইটেডে এফ চিয়ে বৃহৎ সফলতা পাইছে৷ লীগত এতিয়া তেওঁলোক টেবুলৰ শীৰ্ষ অৰ্ধত আছে৷ ডুৰাণ্ড কাপো তেওঁলোকে জয়লাভ কৰিছে আৰু এতিয়া তেওঁলোক লীগৰ অন্যতম শ্ৰেষ্ঠ দল৷’ চেৰ্নিশ্বভে কয়৷
উল্লেখ্য যে আই লীগৰ চেম্পিয়ন হৈ দেশৰ শীৰ্ষ লীগত খেলা মহমেদান দলে এতিয়ালৈকে ছন্দ বিচাৰি পোৱা নাই৷ যোৱা ছিজনত হায়দৰাবাদে গঢ়া ব্যৰ্থতাৰ অভিলেখ ভংগ কৰিবলৈ কাইলৈৰ মেচৰ পৰাজয়ে দলৰ বাবে নিৰ্ণায়ক হ’ব৷ অৱশ্যে এতিয়ালৈকে লাভ কৰা অভিজ্ঞতাই নতুন বছৰত দলক সহায় কৰিব৷
No comments:
Post a Comment