এক্সপ' ৱান - জৈৱিক উত্তৰ-পূব ২০২৩ - W7S News Hindi

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 5 February 2023

এক্সপ' ৱান - জৈৱিক উত্তৰ-পূব ২০২৩






এম.অ'.ভি.চি.ডি.-এন.ই.আৰ., অসমৰ অংশগ্ৰহণ




 


W7s গুৱাহাটী,: উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয় অসমৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে মিছন জৈৱিক মূল্য শৃংখল বিকাশৰ দ্বাৰা প্ৰচাৰিত কৃষক উৎপাদক কোম্পানীবোৰে ৩ ৰ পৰা ৫ ফেব্ৰুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ  খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত এক্সপ' ৱান- জৈৱিক উত্তৰ-পূব ২০২৩ প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিছিল।এই এক্সপ' ৱান নামৰ প্ৰদৰ্শনীখনে জৈৱিক কৃষি, নতুন উদ্ভাৱন, ডিজিটাইজেচন আৰু নতুন প্ৰযুক্তিৰ সম্ভাৱ্য ব্যৱহাৰৰ বিষয়ে তথ্য ভাগ-বতৰা কৰাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ ওপৰত গুৰুত্ব দিয়া জৈৱিক খণ্ডৰ বাবে আন্তৰ্জাতিক সন্মিলন আৰু প্ৰদৰ্শনীৰ বাবে এক উপযুক্ত মঞ্চ প্ৰদান কৰে।অসমৰ মাননীয় কৃষিমন্ত্ৰী  অতুল বৰাই এই প্ৰদৰ্শনীখনৰ শুভ উদ্বোধন কৰিছিল।এই প্ৰদৰ্শনীৰ মুখ্য উদ্দেশ্য হৈছে উত্তৰ-পূৰ্বাঞ্চল আৰু বিশ্বৰ বাকী অংশৰ মাজত বাণিজ্যিক সম্পৰ্ক শক্তিশালী কৰা আৰু স্থানীয় উৎপাদকসকলৰ বাবে বাণিজ্য আৰু অৰ্থনীতিৰ পৰিসৰ বৃদ্ধি কৰা। লগতে বিপণন কৌশল, প্ৰচুৰ সম্ভাৱনা, লজিষ্টিক সমস্যাসমূহ অতিক্ৰম কৰা আৰু উদীয়মান এফপিঅ'সমূহৰ উদ্যোগৰ পৰামৰ্শদাতাৰ বিষয়ে চৰ্চা কৰিবলৈ পেনেল আলোচনা অনুষ্ঠিত কৰা হৈছিল।ইয়াৰ যোগেদি এফপিচিয়ে তেওঁলোকৰ জৈৱিক সামগ্ৰী প্ৰদৰ্শন কৰাৰ বাবে এক সুন্দৰ প্লেটফৰ্ম লাভ কৰিছিল আৰু ক্ৰেতা-বিক্ৰেতা সভাৰ জৰিয়তে বজাৰ সংযোগৰ সুযোগ লাভ কৰিছিল। এফপিচিসমূহক ঘৰুৱা বজাৰত জৈৱিক সামগ্ৰীৰ বৰ্ধিত চাহিদা, এফপিঅ'/এফপিচিৰ বাবে অনলাইন বজাৰ ব্যৱসায় আৰ্হি, আন্তৰ্জাতিক ৰপ্তানিৰ সুযোগ আদিৰ বিষয়েও অন্তৰ্দৃষ্টি প্ৰদান কৰা হয়।এম.অ'.ভি.চি.ডি.-এন.ই.আৰ., অসম আঁচনিৰ অধীনত মুঠ ৯ টা এফপিচিয়ে তেওঁলোকৰ ষ্টল স্থাপন কৰিছিল আৰু বিভিন্ন জৈৱিক সামগ্ৰী যেনে হালধি, আদা, জি-৯ প্ৰকাৰৰ কল, ৰঙা চাউল, কোমল চাউল, জ'হা চাউল, ব্লেক ৰাইচ আদি প্ৰদৰ্শন কৰিছিল।এই প্ৰদৰ্শনী সন্দৰ্ভত অসমৰ উদ্যান শস্য আৰু খাদ্য প্ৰক্ৰিয়াকৰণ সঞ্চালকালয়ৰ সঞ্চালক শ্ৰী ত্ৰিৰংগ ভাৰতীয় বৰাই কয়, "আমাৰ উদ্দেশ্য হৈছে যে, উত্তৰ পূৰ্বাঞ্চলৰ জৈৱিক কৃষক আৰু এফপিচিসমূহক মুকলি বজাৰ দিয়া আৰু বিভিন্ন ৰাজ্যৰ পৰা অহা অন্যান্য প্ৰতিষ্ঠান আৰু সংগঠনৰ সহযোগিতাৰে বৃহৎ বজাৰ প্ৰদান কৰা। মই আশা কৰোঁ যে আমাৰ জৈৱিক কৃষকসকলে এই এক্সপ' বা প্ৰদৰ্শনীৰ পৰা সৰ্বাধিক লাভান্বিত হ'ব।"

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here