W7s news,,গুৱাহাটী,: এফডিচিআইৰ লগত আয়োজিত হ’বলগা আগন্তুক লেক্মি ফেশ্বন উইকত প্ৰদৰ্শিত হ’বলগা শ্বোৰ বাবে বিশেষ ভাৰ্টুৱেল নিৰ্বাচনী অনুষ্ঠান “দ্য ডিজাইন ফেষ্টিভেল : চিজন ৮” ত আইএনআইএফডি গুৱাহাটীৰ ডিজাইনৰ ছাত্ৰ ৰিদ্ধি আগৰৱাল আৰু ৰুথ ৱেল্নগেইহ নেমকে প্ৰদৰ্শন কৰা সৃষ্টিশীল ডিজাইন প্ৰস্তাৱক উপস্থিত বিশিষ্ট বিচাৰকমণ্ডলীয়ে উচ্চ প্ৰশংসা কৰে।ডিজাইন প্ৰতিষ্ঠান সমুহৰ বৃহত্তম আন্ত:ৰাষ্ট্ৰীয় নেটৱৰ্ক আইএনআইএফডিৰ “দ্য ডিজাইন ফেষ্টিভেল” এক অনন্য প্লেটফৰ্ম। সমগ্ৰ ৰাষ্ট্ৰজুৰি আইএনআইএফডিৰ বিভিন্ন শাখা কেন্দ্ৰৰ সৈতে এই অনুষ্ঠান পাঁচ দিনীয়াকৈ দ্বি-বাৰ্যিকভাৱে অনুষ্ঠিত হয় আৰু প্ৰত্যেকটো দিনত আইএনআইএফডি শিক্ষাৰ্থীসকলৰ দ্বাৰা উপস্থাপন কৰা ডিজাইনসমূহক অভিজ্ঞ বিচাৰক মণ্ডলীয়ে বিচাৰ কৰে। আইএনআইএফডিয়ান সকলৰ বাবে এয়া এক বৃহৎ সুযোগ য’ত পাঁচ গৰাকী ফেশ্বন ডিজাইন আৰু পাঁচ গৰাকী অভ্যন্তৰীণ সজ্জা ডিজাইন বিজেতা আইএনআইএফডিৰ পাঁচটি কেন্দ্ৰৰ পৰা নিৰ্বাচিত কৰা হ’ব। মাৰ্চ ২০২৩ ত, নিৰ্বাচিত ফেশ্বন ডিজাইনৰ শিক্ষাৰ্থীসকলে এফডিচিআইৰ সহযোগত আয়োজিত হ’বলগা আগন্তুক লেক্মি ফেশ্বন উইকৰ ‘আইএনআইএফডি লঞ্চ’ ত নিজৰ শ্বো প্ৰদৰ্শনৰ এক বিশেষ সুযোগ লাভ কৰিব। প্ৰতিগৰাকী বিজেতাই পুৰষ্কাৰ হিচাপে নগদ ধনৰ লগতে ৰাইজ ৱৰ্ল্ডৱাইডৰ অভিজ্ঞ ডিজাইনাৰৰ পৰা প্ৰশিক্ষণ লাভ কৰিব। ফেশ্বন ডিজাইন আৰু অভ্যন্তৰীণ সজ্জা ডিজাইন উভয়ৰে নিৰ্বাচিত ডিজাইনৰ প্ৰস্তাৱনা হ’ল “পূৱ-পশ্চিমৰ সংযোগ”- পৃথিৱীৰ দুই প্ৰান্তৰ ভিন্ন সংস্কৃতিৰ মিলনক উদাহৰণ হিচাপে লৈ, এটি প্ৰান্ত ভাৰত আৰু আনটো বিশ্বৰ যিকোনো এক প্ৰান্ত। বিষয়টি মনত ৰাখি ফেশ্বন ডিজাইনৰ শিক্ষাৰ্থীসকলে কলা, টেক্সটাইল, শিল্পকলা, পেইণ্টিং বা ছায়াচিত্ৰ আদি যিকোনো ব্যৱহাৰ কৰি এক সংকলন প্ৰস্তুত কৰিব লাগিব, আৰু অভ্যন্তৰীণ ডিজাইনৰ শিক্ষাৰ্থীসকলে প্ৰস্তাৱ অনুযায়ী বহা কোঠা, ৰেষ্টুৰেণ্ট, থিয়েটাৰ ইত্যাদি ঠাই ব্যৱহাৰ কৰি ৰেম্প বা ছেট ডিজাইন কৰিব লাগিব। জুৰীৰ সদস্যই উপস্থাপনসমুহ চিন্তা প্ৰক্ৰিয়া, ডিজাইনৰ সৌন্দৰ্য্য, বিষয় সহাৱস্থান আদিৰ ওপৰত ভিত্তি কৰি বিচাৰ আগবঢ়াব।
Post Top Ad
Responsive Ads Here
Thursday 2 February 2023
Home
গুৱাহাটী
এফডিচিআইৰ সহযোগত আয়োজিত লেক্মি ফেশ্বন উইকত নিজৰ সৃষ্টিশীলতা প্ৰদৰ্শনৰ বাবে সাজু গুৱাহাটীৰ ডিজাইনাৰৰ দল
এফডিচিআইৰ সহযোগত আয়োজিত লেক্মি ফেশ্বন উইকত নিজৰ সৃষ্টিশীলতা প্ৰদৰ্শনৰ বাবে সাজু গুৱাহাটীৰ ডিজাইনাৰৰ দল
Tags
# গুৱাহাটী
Share This
About W7S News
গুৱাহাটী
Labels:
গুৱাহাটী
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment