গুৱাহাটী , ২ ডিচেম্বৰ : ৰাইজক উন্নত মানৰ স্বাস্থ্যসেৱাৰ সুবিধা উপলব্ধ দিয়াৰ লক্ষ্যৰে ৰাষ্ট্ৰীয় আয়ুষ মিছন (এন এ এম ) , অসমে আৰম্ভ কৰিছে আই ই চি ভেন । ৩০ নবেম্বৰত গুৱাহাটী মহানগৰীৰ সাতগাঁও নগৰীয়া ৰাজ্যিক ডিছপেনচাৰীত পতাকা জোকাৰি আই ই চি ভেনৰ যাত্ৰাৰ শুভাৰম্ভ কৰে কৰা হয়। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত এন এ এম, অসমৰ সঞ্চালক ডাঃ ইন্দ্ৰনশ্রী দাস , সচিব সুস্বপ্না কাকতি, কামৰূপ মহানগৰ জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ উমেশ ফাংচো , মূখ্য চিকিৎসা আৰু স্বাস্থ্য সেৱা বিষয়া ডাঃ অপুর্ব কৃষ্ণ শৰ্মা , আয়ুষ বিভাগৰ উপ সঞ্চালক ডাঃ নিবুল গগৈ , উপ সঞ্চালক ( ফাৰ্মাচী) সুধীৰ সাহা , মহকুমা স্বাস্থ্য বিষয়া ডাঃ ধ্রুব ৰাজবংশী, আয়ুষ বিভাগত কামৰূপ মহানগৰ জিলাৰ নডেল বিষয়া ডাঃ কৰবী হাজৰিকা চৌধুৰী , প্ৰবন্ধক ,মানস গগৈ , ডি পি এম ৰিজুমনি বৰ্মন, ডি এ চি মদুপৱন দত্ত , গুৱাহাটী পৌৰ নিগমৰ ৫৯ নম্বৰ ৱাৰ্ডৰ পাৰিষদ অসীম শইকীয়া আৰু সাতগাঁওৰ বহুসংখ্যক ৰাইজ উপস্থিতি আছিল । উল্লেখ্য যে আই ই চি (তথ্য, শিক্ষা, আৰু সংযোগ) ভেন মুকলিয়ে আয়ুষৰ ব্ৰেণ্ডিং আৰু প্ৰচাৰৰ উন্নীতকৰণ আৰম্ভ কৰিছে। এই প্ৰচেষ্টাই ৰাইজক স্বাস্থ্য আৰু সুস্থতাৰ এক সামগ্ৰিক দৃষ্টিভংগী প্ৰদান কৰিব । য'ত প্ৰাকৃতিক আৰোগ্য পদ্ধতিসমূহ অন্তৰ্ভুক্তৰে ৰাইজক উন্নত মানৰ স্বাস্থ্যসেৱা আগবঢ়াব।
No comments:
Post a Comment