চন্দ্ৰপুৰ নিম্ন বুনিয়াদী বিদ্যালয়ৰ মহাৰজত জয়ন্তীত পথ-সুৰক্ষাৰ ব্যতিক্ৰমী অনুষ্ঠান পৰিবহণ বিভাগৰ - W7S News Hindi

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday, 2 December 2024

চন্দ্ৰপুৰ নিম্ন বুনিয়াদী বিদ্যালয়ৰ মহাৰজত জয়ন্তীত পথ-সুৰক্ষাৰ ব্যতিক্ৰমী অনুষ্ঠান পৰিবহণ বিভাগৰ

 



দুৰ্ঘটনাগ্ৰস্থ পৰিয়ালৰ কৰুণ জীৱনগাথাৰ বৰ্ণনাৰে মঞ্চস্থ নাটকে সচকিত কৰিলে অগণন ৰাইজক


গুৱাহাটীঃ ২ ডিচেম্বৰঃ চন্দ্ৰপুৰ নিম্ন বুনিয়াদী বিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষৰ দেওবাৰৰ সাংস্কৃতিক সন্ধিয়াত কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ উদ্যোগত পথ-সুৰক্ষা সজাগতাৰ এক ব্যতিক্ৰমী কাৰ্যসূচী অনুষ্ঠিত হয়৷ মহাৰজত জয়ন্তী উদযাপন সমিতিৰ আমন্ত্ৰণক্ৰমে দেওবাৰে সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উদ্বোধন কৰে অসম চৰকাৰৰ পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাসে। মঞ্চ উদ্বোধন কৰি দিয়া ভাষণত তেওঁ গৌৰৱোজ্বল মহাৰজত জয়ন্তী বৰ্ষত উপনীত ঐতিহ্যমণ্ডিত বিদ্যালয়খনৰ প্ৰতিষ্ঠাপকসকল, ভূমিদাতাসকল আৰু জন্মলগ্নৰে পৰা বিদ্যালয়খনৰ সৰ্বাঙ্গীণ বিকাশেৰে বৃহত্তৰ অঞ্চলটোৰ শৈক্ষিক, সামাজিক অগ্ৰগতিৰ বাবে অহোপুৰুষাৰ্থ কৰাসকলৰ অৱদানক শ্ৰদ্ধা জনায়। নিজকে এজন পৰিবহণ কৰ্মী হিচাপে চিনাকি দি তেওঁ সমাজৰ সৰ্বস্তৰতে পথ-সুৰক্ষাৰ ক্ষেত্ৰত ব্যাপক জনসচেতনতা গঢ়ি তোলাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ লগত সঙ্গতি ৰাখি ছাত্ৰছাত্ৰী, শিক্ষক অভিভাৱকক উদ্যেশ্যি পথত চলাচল কৰোতে বিশেষভাৱে মানি চলিবলগীয়া নীতি-নিৰ্দেশনা সন্দৰ্ভত বক্তব্য আগবঢ়ায়। ইয়াৰ মাজতে মহানগৰীৰ সমীপৱৰ্তী অঞ্চলৰ এগৰাকী মেধাৱী ছাত্ৰই হেলমেট নিপিন্ধাকৈ দ্ৰুতগতিত বাইক চলাই দুৰ্ঘটনাগ্ৰস্থ হৈ পঙ্গুত্ব জীৱন কটাবলগীয়া হোৱাৰ লগতে পৰিয়ালটোৰ কৰুণ জীৱনগাথাৰ পৰিবহণৰ উচ্চপদস্থ বিষয়াগৰাকীয়ে আগবঢ়োৱা বৰ্ণনাৰ আধাৰত এখন সজাগতামূলক নাটক পৰিৱেশন কৰি সমাজৰ উঠিঅহা প্ৰজন্মক পথ-সুৰক্ষাৰ ক্ষেত্ৰত সজাগ-সচেতন কৰাৰ প্ৰয়াস কৰা হয় । সজাগতামূলক নাটকখন উপভোগৰ কৰি সাংস্কৃতিক সন্ধিয়াৰ শ্ৰোতা-দৰ্শকে বাস্তৱৰ জীৱন্ত কাহিনীত হুকহুকাই কান্দি উঠাটো আছিল পৰিবহণ বিভাগৰ কালিৰ ব্যতিক্ৰমী সজাগতামূলক কাৰ্যসূচীৰ মনকৰিবলগীয়া দিশ। সেয়ে পৰিবহণ বিষয়াগৰাকীয়ে সমাজৰ সকলো শ্ৰেণীৰ ৰাইজক উদ্দেশ্যি যানবাহন চলাওঁতে সকলো সময়তে মানি চলিবলগীয়া নীতি-নিৰ্দেশনা সমূহ উনুকিয়াই দিয়ে । বিশেষকৈ সমাজৰ উঠিঅহা প্ৰজন্মক দুচকীয়া বাহন চলাওঁতে চালক-আৰোহী উভয়কে হেলমেট পৰিধান কৰিবলৈ তেওঁ আহ্বান জনায়। মদ্যপান কৰি আৰু ম’বাইলত কথা পাতি কোনোৱে যাতে বাহন নচলায় তাৰবাবে তেওঁ সকলোকে সতৰ্ক কৰি দিয়ে। একেদৰে দ্ৰুতগতি পৰিহাৰ কৰি নিয়ন্ত্ৰিত গতিত বাহন চলাই নিজে সুৰক্ষিত হৈ থকাৰ লগতে আনকো সুৰক্ষা প্ৰদান কৰি ৰাজ্যৰ ৰাজপথত সকলো সময়তে সুৰক্ষিত যাতায়াত বাহাল ৰাখিবলৈ সকলোৰে প্ৰতি সবিনয় আহ্বান জনাই পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়াগৰাকীয়ে সাম্প্ৰতিক সময়ত সকলোৱে নিজকে পথ সুৰক্ষা যোদ্ধা হিচাপে গঢ়ি তোলাটো জৰুৰী বুলি মন্তব্য কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here