প্ৰাগজ্যোতিষ সাংস্কৃতিক সমাজৰ ৩৩ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন ; বিশিষ্ট শিল্পীক সম্বৰ্ধনা - W7S News Hindi

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 3 February 2023

প্ৰাগজ্যোতিষ সাংস্কৃতিক সমাজৰ ৩৩ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন ; বিশিষ্ট শিল্পীক সম্বৰ্ধনা

 

W7s news


গুৱাহাটী : ৰাজ্যখনৰ অন্যতম সাংস্কৃতিক সংগঠন হিচাপে পৰিগণিত হৈ অহা প্ৰাগজ্যোতিষ সাংস্কৃতিক সমাজৰ ৩৩ সংখ্যক প্ৰতিষ্ঠা দিৱস ২৮ জানুৱাৰী আৰু ৩১ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে  পশ্চিম গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পৰ প্ৰাগজ্যোতিষ আলোচনা  কক্ষত পালন কৰা হয় । ২৮ জানুৱাৰীত পুৱা পতাকা উত্তোলনৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে প্ৰাগজ্যোতিষ সাংস্কৃতিক সমাজৰ সভাপতি আৰু অসম সাংস্কৃতিক ন্যাসৰ কোষাধ্যক্ষ ইফটিকাৰ আলীয়ে । আনহাতে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সমাজৰ উদ্যোগত আৰু গুৱাহাটীৰ চানভেলী হস্পিতালৰ সহযোগত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হয় । শিবিৰটো উদ্ধোধন কৰে সমাজৰ সাধাৰণ সম্পাদক অৰূপ গোস্বামীয়ে । শিবিৰত চানভেলী হস্পিতালৰ বিশেষজ্ঞ চিকিৎসক ক্ৰমে ডাঃ মেৰাজ উদ্দিন আহমেদ , ডাঃ তপন শৰ্মা , ডাঃ কবিৰ উদ্দীন আহমেদ আৰু ডাঃ চৰাহ চৰাফ চালিমৰ নেতৃত্বত এটা স্বাস্থ্যকর্মীৰ দলে শিশু , মহিলাকে ধৰি দুই শতাধিক লোকৰ স্বাস্থ্য পৰীক্ষা কৰি ৰোগ প্ৰতিৰোধ ক্ষমতা , ৰোগৰ কাৰণ, চিকিৎসা পদ্ধতি সন্দৰ্ভত বিভিন্ন দিহা পৰামৰ্শ আগবঢ়ায় । আনহাতে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি   ৩১ জানুৱাৰীত সন্ধিয়াৰ পৰা বাৰে ৰহনীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় । বন্তি প্ৰজ্বলনৰে সাংস্কৃতিক অনুষ্ঠান উদ্ধোধন কৰে প্ৰাগজ্যোতিষ সাংস্কৃতিক সমাজৰ কাৰ্যকৰী সভাপতি খালিড ওমৰ আৰু বিশিষ্ট শিল্পী দ্বীপেন বৰুৱাই । অনুষ্ঠানত অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ অনন্য অৱদান আগবঢ়াই অহা চাৰি বিশিষ্ট শিল্পী ক্ৰমে - দ্বীপেন বৰুৱা , হিৰণ্য কুমাৰ চৌধুৰী , নাজিব উদ্দীন আহমেদ আৰু সত্যেন শৰ্মাক সমাজৰ স্মাৰক , গামোছা , ফুলৰ থোপা , মানপত্ৰৰে ৰাজহুৱা ভাবে বিপুল সম্বৰ্ধনা জনোৱা হয় । আনহাতে প্ৰাগজ্যোতিষ সাংস্কৃতিক সমাজৰ শিল্পী সকলৰ সমবেত সংগীতৰে শুভাৰম্ভ হোৱা  অনুষ্ঠানত উদীয়মান শিল্পী ভাতৃদ্বয় শ্যাম আৰু শিবাই সন্তৰ বাদন , ধনঞ্জয় দাস ( ৰাজু ) আৰু কাকলি কৃষ্ণা চৌধুৰীয়ে কেবাটাও গীত পৰিৱেশন কৰে । তেনেদৰে খেপো মামা আৰু মুনিয়াৰে "হাঁহিৰ খোৰাক" শীর্ষক এক কমেডিয়ান অনুষ্ঠান পৰিবেশন কৰে । সমগ্ৰ অনুষ্ঠানত সহযোগিতা আগবঢ়াই বাদ্যযন্ত্ৰ জয়ভী আহমেদ আৰু তেওঁৰ সংগীবৃন্দই । উল্লেখযোগ্য যে ১৯৯১ চনত  মাছখোৱাৰ পৰা আদাবাৰীলৈ বাছ আস্থানটো  স্থানান্তৰিত হোৱাৰ পাছত সেই মাটিখিনীত এটা  সাংস্কৃতিক প্ৰকল্প নিৰ্মাণ কৰাৰ বাবে প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্প নিৰ্মাণ সমিতিৰ  ফালৰ পৰা দাবী জনোৱা হৈছিল । পৰৱৰ্তী সময়ত  প্ৰাগজ্যোতিষ সাংস্কৃতিক সমাজ , অসম চৰকাৰ আৰু ভাৰতীয় চাহ নিগমক লৈ অসম সাংস্কৃতিক ন্যাস গঠন কৰা হয় । বৰ্তমান সমাজে ন্যাসৰ এটা শাখা হিচাপে কাম কৰি আহিছে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here