ৰাণীৰ শগুন গৱেষণা কেন্দ্ৰত আঠোটাকৈ বিলুপ্তপ্ৰায় প্ৰজাতিৰ শগুন মুকলি - W7S News Hindi

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 3 February 2023

ৰাণীৰ শগুন গৱেষণা কেন্দ্ৰত আঠোটাকৈ বিলুপ্তপ্ৰায় প্ৰজাতিৰ শগুন মুকলি

 

W7s news


গুৱাহাটী :  বিলুপ্তিৰ গহ্বৰলৈ গতি কৰা আৰু প্ৰকৃতিৰ জামাদাৰ স্বৰূপ  শগুন সংৰক্ষণৰ  বাবে   চেষ্টা কৰি আহিছে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ  অসম মেঘালয়ৰ সীমান্তৰ ৰাণী বেলগুৰিত বম্বে নেচাৰেল ৰিচাৰ্ছ চেণ্টাৰৰ উদ্যোগত আৰু অসম চৰকাৰৰ বন বিভাগৰ সহযোগত  প্ৰায় ডেৰ দশক পূৰ্বে  স্থাপন কৰা শগুন গৱেষণা কেন্দ্ৰই । তাত এটা শগুন প্ৰজনন গোট স্থাপন কৰাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত খাদ্যত বিষক্ৰিয়া হোৱা , ৰেলৰ খুন্দাত আহত হোৱা বা বিভিন্ন কাৰণত ৰোগাক্ৰান্ত হোৱা শগুণৰ শুশ্ৰূষা কৰি অহা হৈছে । সুস্থ হোৱাৰ পাছত সেই শগুন সমূহ আকাশত এৰি দিয়া হয় । তেনেদৰে আজি পুৱাৰ  ভাগত কেন্দ্ৰ চৌহদত তাত শুশ্ৰূষাৰ অন্তত সম্পূৰ্ণ সুস্থ হৈ উঠা আঠোটাকৈ বিলুপ্তপ্ৰায় হিমালয়ান গ্ৰীফন প্ৰজাতিৰ শগুন আকাশত এৰি দিয়া হয় । শগুন সমূহ এৰি দিয়াৰ সময়ত কেন্দ্ৰৰ প্ৰবন্ধক শচীন ৰাণা দে , ৰাণীৰ আঞ্চলিক বন বিষয়া জয়ন্ত গোস্বামীকে ধৰি কেবাজনো বনকর্মী , গৱেষণা কেন্দ্ৰৰ কেবাজনো গৱেষক উপস্থিত থাকে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here