গুৱাহাটী, ২ নৱেম্বৰ ঃ নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু ওড়িছা এফ চিয়ে চলিত একাদশ ইণ্ডিয়ান ছুপাৰ লীগ [আই এছ এল]ৰ দেওবাৰে আবেলি পাঁচ বজাত গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগা প্ৰথমখন মেচত পইণ্ট তালিকাত নিজৰ স্থিতি মজবুত কৰাৰ লক্ষ্যৰে খেলিব৷ ছখনকৈ মেচ খেলা উভয় দলে আঠ পইণ্টকৈ সংগ্ৰহ কৰিছে৷ জয় দুখনত লগতে পৰাজয় আৰু ড্ৰও দুখনকৈ মেচত৷ কিন্তু ঘৰুৱা দলটো পঞ্চম স্থানত থকাৰ বিপৰীতে ওড়িছা এফ চি সপ্তমত আছে৷
এতিয়ালৈকে চাৰিটা দলে আঠ পইণ্ট পোৱাৰ পাছতো নৰ্থ ইষ্ট ইউনাইটেডৰ স্থিতি উন্নিত হোৱাৰ কাৰণ হ’ল ঘৰত খেলা অন্তিম মেচত দলে অভিলেখ গঢ়ি ৫-০ গলত পৰাস্ত কৰিছিল জামছেদপুৰ এফ চিক৷ জয়ৰে অভিযান আৰম্ভ কৰাৰ পাছতো পৰবৰ্তী চাৰিখন মেচত নৰ্থ ইষ্ট ইউনাইটেডে অগ্ৰগতি লৈয়ো জয়ৰ পৰা বঞ্চিত হৈছিল৷ কিন্তু যোৱা মেচৰ চমকপ্ৰদ সফলতাই কাইলৈ গৃহভূমিৰ মেচত নৰ্থ ইষ্ট ইউনাইটেডকে ফেভাৰিট কৰিছে৷
উল্লেখ্য যে এইবাৰ নৰ্থ ইষ্ট ইউনাইটেডে চাৰিখন মেচতে প্ৰথম ১৫ মিনিটত গ’ল কৰিবলৈ সক্ষম হৈছে৷ বিপৰীতে ওড়িছা দলে ছখন মেচ খেলাৰ পাছতো আৰম্ভনিতে গল কৰাত সফল হোৱা নাই৷ আনহাতে, দলটোৱে বিপক্ষৰ খেলপথাৰত খেলা যোৱা সাতখন মেচৰ এখনতো জয় অৰ্জন কৰা নাই৷ দুখন ড্ৰ তথা পাঁচখনত ড্ৰ৷ এই পৰিক্ৰমাত ওড়িছা এফ চিয়ে তিনিখন মেচত গলে কৰিবলৈ সক্ষম নহ’ল৷
‘জামছেদপুৰৰ বিৰুদ্ধে আমাৰ সফলতা গৌৰৱৰ কিন্তু মই অধিক আনন্দিত আমি বিপক্ষক গল কৰিবলৈ নিদিলো৷ পূৰ্বৰ চাৰিখন মেচত আমি অগ্ৰগতি ধৰি ৰাখিব পৰা নাছিলো৷ কিন্তু যোৱা মেচত আমাৰ ডিফেন্সৰ শক্তি তথা ৰণনীতি এশ শতাংশ সফল হৈছে৷ আমি ভাল খেলিছো যদিও দলত সমস্যা আছিল৷ এতিয়া মই খেলুৱৈসকলক লৈ সুখী আৰু গৌৰৱান্বিত৷’ নৰ্থ ইষ্ট ইউনাইটেডৰ মুখ্য প্ৰশিক্ষক জুৱান পেড্ৰ’ বেনালী কয়৷
ইফালে, ওডিছা এফ চিৰ সহকাৰী প্ৰশিক্ষক এণ্টনি ফাৰ্নাণ্ডেছে সংবাদ মেলত কয় ‘নৰ্থ ইষ্ট ইউনাইটেড কঠিন প্ৰতিদ্বন্দ্বী৷ তেওঁলোকৰ অবিশ্বাস্য ফৰ্ম প্ৰশংসাৰ যোগ্য৷ সেয়া আমি স্বীকাৰ কৰো৷ দলে সঁচাকৈয়ে ভাল খেলিছে৷ কাইলৈৰ মেচত আমি ব্যক্তিগত খেলুৱৈক লৈ পৰিকল্পনা নকৰো৷ বিপৰীতে সমগ্ৰ দলটোৰ বাবেই কৰিম৷’
উল্লেখ্য যে আই এছ এলত দুয়োটা দল ১০ বাৰ মুখামুখি হৈছে৷ ওড়িছা এফ চিয়ে ছখনত আৰু নৰ্থইষ্ট ইউনাইটেডে তিনিখন খেলত জয়লাভ কৰাৰ বিপৰীতে এখন মেচ ড্ৰ’ হৈছে৷ কিন্তু ওড়িছাৰ মুখ্য প্ৰশিক্ষক চাৰ্জিঅ’ ল’বেৰাই চাৰিবাৰ গুৱাহাটী অহাৰ পাছতো জয়ৰ সফলতা পোৱা নাই৷ বিপৰীতে আলহী দলৰ তাৰকা ৰয় কৃষ্ণাই নৰ্থ ইষ্ট ইউনাইটেডৰ বিৰুদ্ধে পূৰ্বে চাৰিটাকৈ গল কৰিছে৷
দেওবাৰৰ মেচত নৰ্থ ইষ্ট ইউনাইটেডৰ আলাউদ্দিনে গল কৰিব পাৰিলে আই এছ এলৰ ক্ৰমাগত সাতখন মেচত গল কৰা দ্বিতীয় খেলুৱৈ হ’ব৷ ২০১৮ ত দিল্লী ডাইনামো এফ চিৰ কালু উচে এই অভিলেখ গঢ়িছিল৷ উল্লেখ্য যে আই এছ এলৰ উদ্বোধনী বৰ্ষত চেন্নাইয়ান এফ চিৰ ব্ৰাজিলিয়ান ফৰ’ৱাৰ্ড ব্লুমাৰে ক্ৰমাগত প্ৰথম ছখনত মেচত গ’ল কৰি অভিলেখ গঢ়িছিল৷ ইতিমধ্যে মৰক্কোৰ তাৰকাগৰাকীয়ে এই অভিলেখ স্পৰ্শ কৰিছে৷
No comments:
Post a Comment