মুম্বাই, ৩০ ডিচেম্বৰ ঃ ইণ্ডিয়ান ছুপাৰ লীগ [আই এছ এল] ৰ আজি সন্ধিয়া মুম্বাই ফুটবল এৰিনাত অনুষ্ঠিত হ’বলগা মেচত নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে পূৰ্ব চেম্পিয়ন মুম্বাই চিটীৰ বিৰুদ্ধে খেলিব৷ যোৱা মেচত হায়দৰাবাদ এফ চিক বিধ্বস্ত কৰি আত্মবিশ্বাসৰে মুম্বাইলৈ আহিছে গুৱাহাটীৰ দলটো৷
মুম্বাই চিটিয়ে এতিয়ালৈকে খেলা ১২খন খেলত ২০ পইণ্ট লাভ কৰি তালিকাৰ পঞ্চম স্থানত আছে৷ আনহাতে ১২ খন খেলত ১৮ পইণ্ট সংগ্ৰহ কৰি ষষ্ঠ স্থানত আছে নৰ্থ ইষ্ট ইউনাইটেড৷ যোৱা পাঁচখন মেচৰ ভিতৰত তিনিখনত জয়লাভ কৰি মুম্বাই চিটিয়ে কাইলৈ ঘৰুৱা সংঘৰ্ষত অৱতীৰ্ণ হোৱাৰ বিপৰীতে নৰ্থ ইষ্ট ইউনাইটেডে যোৱা পাঁচ মেচৰ দুখনত জয় অৰ্জন কৰিছে৷
নৰ্থ ইষ্ট ইউনাইটেডৰ বিৰুদ্ধে মুম্বাই চিটিয়ে নিজৰ আধিপত্য অব্যাহত ৰখাৰ লক্ষ্যৰে কাইলৈও খেলিব৷ যোৱা ছয়খন খেলত মুম্বাই চিটি অপৰাজেয় হৈ থকাৰ লগতে অন্তিম চাৰিখনত দলে জয়লাভ কৰিছে৷ দুয়োটা দলৰ মাজত কাইলৈ ২১ সংখ্যক আই এছ এল মেচ অনুষ্ঠিত হ’ব৷ এতিয়ালৈকে ২০ খন খেলত মুম্বাই চিটি ১১ খনত জয়লাভ কৰিছে৷ আনহাতে, নৰ্থ ইষ্ট ইউনাইটেডে পাঁচখনত জয়ী হোৱাৰ বিপৰীতে চাৰিখন খেলত ড্ৰ’ হৈছে৷
চলিত ছিজনত কিন্তু কাহিনী পৃথক৷ হাইলেণ্ডাৰছৰ আক্ৰমণাত্মক দক্ষতাই চাপত ৰাখিব মুম্বাই চিটিৰ সুদক্ষ ৰক্ষণবিভাগক৷ উল্লেখ্য যে মুম্বাইৰ শক্তিশালী ৰক্ষণশীল ভেটিয়ে এই ছিজনত তেওঁলোকৰ সামগ্ৰিক খেল শৈলীৰ ভিত্তি স্থাপন কৰিছে৷ আই এছ এলৰ যোৱা চাৰিখন মেচত দলে ক্লীন শ্বীট ৰাখিছে আৰু তিনিখনত জয়ী হৈছে৷
ইফালে, নৰ্থ ইষ্ট ইউনাইটেডে যোৱা পাঁচখন বিপক্ষৰ ঘৰত খেলা মেচৰ ভিতৰত মাত্ৰ এখনতহে পৰাস্ত হৈছে৷ ইয়াৰে চাৰিখনত একাধিক গ’ল দিছে গুৱাহাটীৰ দলটোৱে৷ এইসময়চোৱাত দলে ১২টা গ’ল কৰিছে৷ অৱশ্যে দলটোৰ ডিফেন্সৰ দূৰ্বলতা এতিয়াও অন্ত পৰা নাই৷ মুখ্য প্ৰশিক্ষক জুৱান পেড্ৰ’ বেনালিৰ বাবে এয়া চিন্তাৰ বিষয়৷
‘আমি আমাৰ পৰিকল্পনাত গুৰুত্ব দিব লাগিব৷ প্ৰতিখন খেলেই সম্পূৰ্ণ বেলেগ৷ মুম্বাই দলৰ খেলুৱৈ আৰু খেলৰ শৈলী বহুত বেলেগ৷ সেয়ে আজি নিজৰ খেল শৈলীৰ প্ৰতি সত্যতাৰে থাকিব লাগিব৷ ’ নৰ্থ ইষ্ট ইউনাইটেডৰ মুখ্য প্ৰশিক্ষক পেড্ৰ’ বেনালিয়ে কয়৷
ইফালে, মুম্বাই চিটিৰ মুখ্য প্ৰশিক্ষক পেট্ৰ ক্ৰাটকিয়ে প্ৰকাশ কৰে যে তেওঁৰ দলটোৱে এতিয়ালৈকে যিবোৰ প্ৰক্ৰিয়া কৰি আহিছে সেইবোৰ ধাৰাবাহিকভাৱে অনুসৰণ কৰাটো প্ৰয়োজন৷ ‘আমি ভাল খেলিব লাগিব, সঠিকভাৱে ডিফেণ্ড কৰিব লাগিব, বেঞ্চৰ পৰা নামি অহা লোকসকলেও ভাল কৰিব লাগিব৷ আমি বিপক্ষৰ বাবে সম্ভাৱনা নাইকিয়া কৰিব লাগিব৷’ ক্ৰাটকিয়ে কয়৷
No comments:
Post a Comment