গুৱাহাটী, ৭ ডিচেম্বৰ ঃ নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে চলিত একাদশ ইণ্ডিয়ান ছুপাৰ লীগত দেওবাৰে গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত হ’বলগা মেচত মোহন বাগান ছুপাৰ জায়েণ্টৰ মুখামুখি হ’ব৷ ইয়াৰপূৰ্বে কলকাতাত খেলা প্ৰথম লেগৰ মেচত মোহন বাগানৰ বিৰুদ্ধে পৰাস্ত হৈছিল নৰ্থ ইষ্ট ইউনাইটেড৷ কিন্তু ডুৰাণ্ড কাপৰ ফাইনেলত মোহন বাগানকে হৰুৱাই প্ৰথম খিতাপ লাভ কৰিছিল নৰ্থ ইষ্ট দলে৷
ক্ৰমাগত চাৰিখন মেচত অপৰাজেয় যাত্ৰা অব্যাহত ৰখা নৰ্থ ইষ্ট ইউনাইটেডে যোৱা মেচত কলকাতাত ইষ্ট বেংগলৰ বিৰুদ্ধে পৰাস্ত হোৱাৰ লগতে প্ৰথমবাৰৰ বাবে লীগত গল কৰাত বিফল হৈছিল৷ কিন্তু গুৱাহাটীত দলৰ শেহতীয়া প্ৰদৰ্শন অনবদ্য৷ গৃহভূমিত খেলা অন্তিম ছখন মেচৰ চাৰিখনতে জয়লাভ কৰা নৰ্থ ইষ্ট ইউনাইটেডে জামছেদপুৰ আৰু ওড়িছা এফ চিৰ বিৰুদ্ধে আঠ গল কৰিছে৷ সেয়ে কাইলৈৰ মেচত ঘৰত খেলাৰ সুযোগ দলে ল’ব৷
ইফালে, নখন মেচৰ ছখনত জয় তথা এখনত পৰাস্ত হৈ বিচ পইণ্টৰে তালিকাৰ শীৰ্ষত থকা ডিফেণ্ডিং চেম্পিয়ন মোহন বাগানে কাইলৈ গুৱাহাটীতো তিনি পইণ্ট দখলৰ লক্ষ্যৰে খেলিব আৰু শীৰ্ষস্থান অপৰিবৰ্তীত ৰখাৰ চেষ্টা কৰিব৷ নৰ্থ ইষ্ট ইউনাইটেডৰ বিৰুদ্ধে মোহন বাগানৰ সামগ্ৰিক সফলতাও ঈৰ্ষনীয়৷ এঘাৰখন মেচৰ আঠখনতে জয়লাভ কৰিছে কলকাতাৰ দলটোৱে৷
আনহাতে, যোৱা তিনিখন মেচত নৰ্থ ইষ্ট ইউনাইটেডৰ বিৰুদ্ধে মোহন বাগানে গড় হিচাপত তিনিটাকৈ গল কৰিছে৷ কিন্তু আক্ৰমণৰ দৃষ্টিকোনেৰে এইবাৰ গুৱাহাটীৰ দলটোও বিপক্ষৰ বাবে ত্ৰাস৷ এতিয়ালৈ লীগত সৰ্বাধিক ওঠৰটা গল কৰিছে নৰ্থ ইষ্ট ইউনাইটেডে৷ উল্লেখ্য যে নৰ্থ ইষ্ট ইউনাইটেডে দহখন মেচৰ চাৰিখনত জয় তথা তিনিখনকৈ মেচত ড্ৰ আৰু পৰাস্ত হৈ ১৫ পইণ্ট লাভৰে তালিকাৰ ষষ্ঠ স্থানত আছে৷
কাইলৈৰ মেচক লৈ ব্যক্ত কৰি নৰ্থ ইষ্ট ইউনাইটেডৰ মুখ্য প্ৰশিক্ষক জুৱান পেড্ৰ’ বেনালিয়ে বিপক্ষৰ শক্তিক প্ৰশংসা কৰে লগতে মোহন বাগানৰ শক্তি ভালদৰে পৰিচিত বুলিও প্ৰকাশ কৰে৷ ‘আমি মোহন বাগানক ভালদৰে চিনি পাওঁ৷ আমি তেওঁলোকৰ বিৰুদ্ধে ডুৰাণ্ড কাপৰ ফাইনেলত খেলিছিলো৷ তেওঁলোক এটা অতি ভাল দল, শক্তিশালী ডিফেন্সৰ আৰু পাল্টা আক্ৰমণৰ বাবে আমি সদায় সাজু৷’
ইফালে, মোহন বাগানৰ মুখ্য প্ৰশিক্ষক জোচে মলিনাই কয় যে তেওঁ বিপক্ষৰ ব্যক্তিগত খেলুৱৈৰ বাবে পৰিকল্পনা নকৰে৷ ইয়াৰ পৰিৱৰ্তে দলে নিজৰ ৰণনীতিত মনোনিৱেশ কৰে৷ ‘আমি এনে এটা দলৰ বিৰুদ্ধে খেলিম যাৰ বিৰুদ্ধে আমি খেলপথাৰত সাবধান হ’ব লাগিব৷ নিশ্চিতভাৱে তেওঁলোকৰ কিছুমান মূল খেলুৱৈ আছে যিয়ে খেলখনত আনতকৈ বেছি প্ৰভাৱ পেলাব পাৰে, কিন্তু যেতিয়া আমি পৰিকল্পনা কৰো তেতিয়া আমি গোটেই দলটোৰ বাবে পৰিকল্পনা কৰো৷ আমি খেলখনত জয়ী হোৱাৰ পৰিকল্পনা কৰোঁ৷’
No comments:
Post a Comment